কাগজৰ ঠোঙা, কাপোৰৰ মোনা তৈয়াৰৰ প্ৰশিক্ষণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪চেপ্তেম্বৰ : স্বচ্চ ভাৰত অভিযানৰ লগত সংগতি ৰাখি নুমলীগড় শোধনাগাৰৰ অৰ্থ সাহায্যত উজনি অসম দিব্যাংগ কেন্দ্ৰত যোৱা ২১ ছেপ্তেম্বৰত আৰম্ভ কৰা চাৰি দিনীয়া কাগজৰ ঠোঙা আৰু কাপোৰৰ মোনা তৈয়াৰ কৰা কৰ্মশালাৰ আজি সামৰণি পৰে ৷ ‘স্বাবলম্বী’ নামৰ সংস্থা টোৰ উদ্যোগত হোৱা প্ৰশিক্ষণত ৬০ গৰাকী দিব্যাংগ ছাত্ৰ ছাত্ৰী য়ে ভাগ লয়। সামৰণি অনুষ্ঠানত সমন্বয়ক বিপিন দাস, নুমলীগড শোধনাগাৰৰ উপ মহা প্ৰবন্ধক মিন্টু সন্দিকৈ উপস্থিত থাকে।পলিথিনৰ বিকল্প হিচাবে কাগজ বা কাপোৰেৰে তৈয়াৰ কৰা এই সামগ্ৰী সমূহ ব্যবহাৰ কৰি পলিথিনৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ ৰোধ কৰাৰ সজাগতাৰ বাবে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *