সম্পাদকীয়:

“সাংবাদিকৰ কাম হ’ল কেৱল তথ্য আৰু ঘটনাৰ লগত,তেঁওৰ কাম হ’ল অবিকৃত ৰূপত পৰিবেশন আৰু যুক্তিৰে বিশ্লেষণ ”৷ : বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞি ৷

সময়ৰ দ্ৰুত বিকাশৰ লগে লগে সংবাদ সংগ্ৰহ আৰু পৰিবেশনৰ ধাৰা সলনি হৈছে ৷ আধুনিক প্ৰযুক্তিৰ আহিলাৰ যুগত পূৰ্বৰ দৰে কষ্ট কৰিব নালাগে ৷ দ্ৰুত ভাৱে ৰাইজক সঠিক খবৰ দিব পৰা হৈছে ৷ কিন্তু তাৰ অৰ্থ এইটো নহয় যে সাংবাদিকৰ দায়িত্ব হ্ৰাস পাইছে ৷ বৰ্তমান সাধাৰণ লোকৰ দৈনন্দিন জীৱন অতি জটিল হৈ পৰিছে ৷ সমস্যা বোৰ অতি সূক্ষ্ম আৰু জটিল৷ তাৰ প্ৰভাৱ সমাজ ,ৰাষ্ট্ৰ বা বিশ্বত পৰিছে ৷ এনেক্ষেত্ৰত প্ৰকৃত সত্য উদ্ঘাটন কৰি জনগনৰ স্বাৰ্থত সঠিক ভাৱে কাম নকৰিলে দেশ খনৰ কন্দল ,চাঞ্চল্যকৰ বাতৰিয়ে খন্তেকীয়া জনপ্ৰিয়তাহে অৰ্জন কৰিব পাৰে কিন্তু ই দীৰ্ঘস্থায়ী নহয় ৷ সম্প্ৰতি সামাজিক মাধ্যমে(Social madia) ব্যাপক প্ৰসাৰতা লাভ কৰিছে ৷ আধুনিক প্ৰযুক্তিৰ কৌশল তথা যোগাযোগ ব্যৱস্থাই অগ্ৰগতি লাভ কৰাৰ লগে লগে জন মাধ্যম সমূহে এক সুকীয়া আসন লাভ কৰিছে ৷ গনতন্ত্ৰত সংবাদ মাধ্যমক চতুৰ্থ স্তম্ভৰ মৰ্যাদা দিয়া হয় ৷ সহজ কথাত জনগনৰ মতামত প্ৰকাশ গণতন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ দেশৰ আৰ্থসামাজিক বিকাশ ,ৰাজনৈতিক , সামাজিক সাংস্কৃতিক উন্নয়নত বলিষ্ঠ ভূমিকা লৈ আহিছে সংবাদ মাধ্যমে ৷ বৰ্তমান বাতৰি কাকতৰ তুলনাত ছেটেলাইট চেনেল, ৱেব পৰটেল,চছিয়েল মেডিয়াৰ প্ৰতি নতুন প্ৰজন্মৰ আকৰ্ষন কিছু পৰিমানে হ’লেও বৃদ্ধি পাইছে ৷ কিন্তু চছিয়েল মেডিয়াৰ অনিয়ন্ত্ৰিত উথ্থান কেতিয়াবা বিপদজনক হ’ব পাৰে ৷ সেইবাবে কিছু নিয়ন্ত্ৰণৰ প্ৰয়োজন হ’ব পাৰে সময়ৰ লগে লগে ৷ অসমৰ প্ৰায় ১৭০ বছৰীয়া সংবাদ মাধ্যমৰ ইতিহাস চালে দেখা পোৱা যায় যে শেহতীয়াকৈ বৈদ্যুতিণ মাধ্যমৰ বিস্তৃতি শুভ লক্ষণ ৷ সংবাদ কৰ্মী সকলৰো দায়িত্ব বাঢ়িছে ৷ বিশ্ব বিখ্যাত কাজিৰঙাৰ পৰা Kaziranga live 24×7 ৰ আত্মপ্ৰকাশ আমাৰ বাবে আশাৰ বতৰা ৷ সততা নিষ্ঠা আৰু সুষ্ঠ মানসিকতাৰে এচাম যুৱ সাংবাদিকে বাট বোলাটো ৰাইজে কামনা কৰে ৷ আহক আমি সকলোৱে সামাজিক দায়বদ্ধতাৰে আগুৱাই যাঁও ৷

ভবানন্দ কলিতা
সম্পাদক, কাজিৰঙা লাইভ
২০ ছেপ্টেম্বৰ ২০১৯

Leave a Reply

Your email address will not be published. Required fields are marked *