বোকাখাত আৰক্ষীৰ জালত যোৰহাটত সন্ত্ৰাস সৃষ্টি কৰা দুই চিলনী চোৰ।

বোকাখাত, ২০ ছেপ্টেম্বৰ: সমাগত দুৰ্গা পুজাত যোৰহটীয়া ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা দুটা চিলনীচোৰত আজি যোৰহাট আৰক্ষীয়ে বোকাখাত আৰক্ষীৰ সহযোগত কমাৰগাঁৱত আটক কৰিবলৈ সক্ষম হয় ৷ বিহাৰৰ পৰা আহি যোৰহাটত সন্ত্ৰাসৰ সৃষ্টি কৰা চোৰ দুটা অভিমান কুমাৰ আৰু সম্ৰাট সিং ৷ যোৰহাটৰ পৰা AS 01 DG 5390 নম্বৰৰ পালচাৰ বাইকেৰে গুৱাহাটী অভিমুখে আহি থকাৰ নিৰ্দিষ্ট তথ্য যোৰহাট আৰক্ষীয়ে লাভ কৰি চোৰ দুটাক খেদি আহে ৷ কমাৰগাঁও থানাৰ সন্মুখত চোৰ দুটাক বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আটক কৰে ৷ চোৰদুটাৰ পৰা 25,140 টকা নগদ ধন, দুটা মবাইল ফোন, স্কু ড্ৰাইভাৰ আৰু বান্দৰ কেকোৱা জব্দ কৰে ৷ চোৰ দুটাক যোৰহাট আৰক্ষীক চমজাই দিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *