কাজিৰঙা লাইভ’ৰ ৱেব পৰ্টেল আনুষ্ঠানিক ভাৱে উদ্ধোধন

কাজিৰঙা, ২০ ছেপ্টেম্বৰ: কাজিৰঙাত আনুষ্ঠানিক ভাৱে উদ্ধোধন ৱেব পৰ্টেল KAZIRANGA LIVE 24×7 ৷ উল্লেখ্য যে দুবছৰৰ পূৰ্বে পৰীক্ষামূলক ভাৱে ফেচবুকৰ যোগেদি আৰম্ভ কৰা ডিজিটেল মেডিয়া “KAZIRANGA LIVE 24×7 ”এ ৰাইজৰ পৰা যথেষ্ট সহাৰি লাভ কৰিছে ৷ ৰাইজৰ সহাৰি তথা উৎসাহৰ প্ৰতি সন্মান জনাই শুকুৰবাৰে KAZIRANGA LIVE 24×7 ৰ এটি ৱেবছাইট উদ্ধোধন কৰা হয় ৷ কাজিৰঙাৰ কহঁৰাৰ বনানি পৰ্যটন নিবাসত এই উপলক্ষে আয়োজন কৰা উদ্ধোধনী সভাত সভাপতিত্ব কৰে জেষ্ঠ সাংবাদিক ভবানন্দ কলিতাই ৷ মুখ্য অতিথি হিচাবে উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক কৰ্মশ্ৰী পি শিৱ কুমাৰ ৷ অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱসৰ প্ৰাপ্ত বিষয়া তথা সাহিত্যিক তৰুণ ৰাজখোৱা, কাজিৰঙাৰ বিশিষ্ট ব্যক্তি ফটিক বৰা ,কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি স্বপন নাথ,কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ প্ৰধান শিক্ষক দন্দেধৰ গগৈ, ৰ লগতে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ, আটছা, গোৰ্খা ছাত্ৰ সংস্থা, টাই আহোম ছাত্ৰ সংস্থাৰ প্ৰতিনিধি আৰু নিমন্ত্ৰিত কেইবা গৰাকী বিশিষ্ট লোক উপস্থিত থাকে ৷ এগচি বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে তৰুণ ৰাজখোৱাই ৷KAZIRANGA LIVE ৰ ল’গ’ উদ্ধোধন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ আৰু অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ সভাত বক্তা সকলে KAZIRANGA LIVE ক শুভেচ্ছা জ্ঞাপন কৰি সততা আৰু নিৰপেক্ষতাৰ মাজেৰে তথ্যভিত্তিক বাতৰি পৰিবেশন কৰাৰ বাবে আহ্বান জনাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *