বিশ্বনাথত আটক চোৰাং চিকাৰী

কাজিৰঙা, ১৮ ছেপ্টেম্বৰ: চলিত বৰ্ষৰ এপ্ৰিল মাহত কাজিৰঙাৰ লখৰা চাপৰিত গঁড় হত্যাৰ অভিযোগত ৫ জন লোক আটক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বনসংমণ্ডল,বন্যপ্ৰাণী অপৰাধ অনুসন্ধান ৰেঞ্জ আৰু বিশ্বনাথ আৰক্ষীৰ যৌথ অভিযানত আটক হয় কোৱাটি পেগু,জীৱ গুৰু পেগু,শুভম কুটুম, বুধিন্দ্ৰ কামান আৰু প্ৰনৱ কুটুম নামৰ অভিযুক্ত লোক কেইজন ৷আটকাধীন লোক কেইজনৰ পৰা গঁড়ৰ নখ আৰু আন বহু সামগ্ৰী উদ্ধাৰ কৰিছে অভিযানকাৰী দলটোৱে ৷ বন বিভাগৰ সূত্ৰ মতে বিশ্বনাথৰ এখন ধাৱাত গঁড়ৰ নখ বেছিবলৈ আনোতে প্ৰথমে তিনিজন লোকক আটক কৰা হয় ৷ পাছত তেঁওলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত গহপুৰৰ পৰা আন দুজন আটক কৰা হয় ৷ লোক কেইজনৰ ঘৰ গহপুৰত বুলি জানিব পৰা গৈছে ৷আনহাতে পূৱ অসম বনসংমণ্ডল, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ আৰু বোকাখাত আৰক্ষীৰ যৌথ অভিযানত ২০১৮ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাত জড়িত থকাৰ অভিযোগত ইচ’ভ নামৰ এজন লোক আটক হয় বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *