প্ৰসংগঃ কাজিৰঙাত মোবাইল নিষিদ্ধ: কাজিৰঙাত পৰ্যটনৰ উন্নয়ন অংশীদাৰসকলৰ সৈতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ আলোচনা, বন মন্ত্ৰীৰ বৈঠকত হ’ব চূড়ান্ত সিদ্ধান্ত

কাজিৰঙা লাইভ, ২ আগষ্ট: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন খণ্ডৰ পৰৱৰ্তী উন্নয়ন তথা বিভিন্ন সমস্যাসমূহক লৈ উদ্যান কৰ্তৃপক্ষই অলপতে পর্যটনৰ সৈতে জড়িত সকলো অংশীদাৰ (stakeholders)ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত উদ্যানখনৰ পর্যটন ব্যৱস্থা অধিক উন্নত কৰাৰ উদ্দেশ্যে সকলো পক্ষৰ পৰা বিভিন্ন পৰামৰ্শ আহ্বান কৰা হয়। অৱশ্যে, উক্ত বৈঠকত এতিয়ালৈকে আগন্তুক পৰ্যটন বৰ্ষৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত মোবাইল নিষিদ্ধ আৰু জিপচি চলাচলত সীমা নিৰ্ধাৰণকলৈ কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। এই কথা জানিবলৈ দিয়ে উদ্যান কৰ্তৃপক্ষই।
উদ্যান কৰ্তৃপক্ষৰ অনুসৰি, অংশীদাৰসকলে উত্থাপন কৰা বিভিন্ন বিষয় আৰু পৰামৰ্শসমূহৰ ভিত্তিত কাজিৰঙাৰ পৰ্যটনৰ বিকাশৰ বাবে  বন মন্ত্ৰীয়ে অতি সোনকালে অংশীদাৰসকলৰ সৈতে আন এক বৈঠকত মিলিত হ’ব। বন মন্ত্ৰীৰ উপস্থিতিত হ’বলগীয়া এই পৰামৰ্শমূলক আলোচনা সভাৰ পিছতহে পৰ্যটন সম্পৰ্কীয় সিদ্ধান্তসমূহ চূড়ান্তভাৱে গ্ৰহণ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed