‘কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ নৱ নিৰ্বাচিত সভাপতি নীলপদ্ম শৰ্মা, সম্পাদক ৰঞ্জিত ৰজক। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গোলাঘাট জিলাৰ সম্পাদক পৱন কামানৰ উপস্থিতিত গঠন কৰা হয় নতুন সমিতি
নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ জুন’: কাজিৰঙাৰ বন ভিল্লা ৰিজৰ্টত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ অন্তৰ্গত গোলাঘাটৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক পৱন কামানৰ উপস্থিতিত কালি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিতিৰ অধীনৰ কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ নতুন সমিতি গঠন কৰা উপলক্ষে এখন সভা অনুষ্ঠিত হয়। সন্থাৰ সভাপতি নীলপদ্ম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অন্তিমখন কাৰ্যনিৰ্বাহক সভাত সম্পাদক ৰঞ্জিত ৰজকে বিগত তিনিবছৰীয়া কাৰ্যকালৰ হিচাপ-নিকাচকে ধৰি সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। সামগ্ৰিক বিষয়সমূহৰ আলোচনাৰ শেষত সভাপতি শৰ্মাই সমিতিখন ভংগ বুলি ঘোষণা কৰে। সভাত জিলা সম্পাদক পৱন কামানে পর্যবেক্ষক হিচাপে উপস্থিত থাকি সভাৰ সর্বসম্মত সিদ্ধান্তমর্মে পুনৰ নীলপদ্ম শর্মাক সভাপতি আৰু ৰঞ্জিত ৰজকক সম্পাদক হিচাপে লৈ এখন পূর্ণাঙ্গ নতুন সমিতি গঠন কৰে । সমিতিৰ উপ-সভাপতি হিচাপে দেবাশীষ বৰুৱা, সহকাৰী সম্পাদক মনোজ প্রতিম শইকীয়া, সাংগঠনিক সম্পাদক পীযূষ দাস, বিতোপন বৰাক কোষাধ্যক্ষ হিচাপে নিৰ্বাচন কৰে। ইপিনে কাৰ্যনিৰ্বাহক সদস্য হিচাপে ৰাজেশ বেলোৱাৰক অন্তৰ্ভুক্ত কৰে। উপদেষ্টা হিচাপে মনোনীত কৰা হয় পৱন গোস্বামী আৰু পলিমা বি চেতিয়াক। ইয়াৰ লগতে বিতোপন বৰাক জিলা প্ৰতিনিধি হিচাপে বাছনি কৰে।
সভাত ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ কাউন্সেলিং, অৱসৰ প্ৰাপ্ত বিষয়া কৰ্মচাৰী সকলক লৈ বিশেষ কাৰ্যসূচী, আগন্তুক বান পানীক লৈ মানুহ আৰু জীৱকূল পুনৰ উদ্ধাৰ বিষয়ক লৈ কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ কৰ্মসূচী গ্ৰহণ কৰা হয়।
