কাজিৰঙা পৰ্যটনৰ বাটকটীয়া অচিন্ত কুমাৰ বৰুৱা( মঞ্জু বৰুৱা) ৰ দেহাবসান।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ মে’: কাজিৰঙা পৰ্যটনৰ বাটকটীয়া অচিন্ত কুমাৰ বৰুৱা( মঞ্জু বৰুৱা) ৰ দেহাবসান। কাজিৰঙাৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ অতিথিশালা ৱাইল্ডগ্ৰাছৰ স্বত্বাধিকাৰী আছিল প্ৰয়াত বৰুৱা। প্ৰয়াত বৰুৱা বনবিভাগৰ হাতী ৰখীয়া তথা মাউতসকলৰ বাবে তেওঁ অতি শ্ৰদ্ধাৰ ব্যক্তি।  ২০০৭ চনৰ পৰা তেওঁ প্ৰতি বছৰে ৩০ এপ্ৰিলৰ দিনটোত কাজিৰঙাৰ মাউতসকলক একগোট কৰি এক বিশেষ সন্মান আৰু বিদায়ী অনুষ্ঠানৰ আয়োজন কৰি আহিছে।
কাজিৰঙা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বিভিন্ন সমাজকল্যাণমূলক কাম, যেনে—  স্থানীয় মহিলাসকলক কাঠফুলা খেতি আদিৰ দৰে স্বাৱলম্বী হ’বলৈ প্ৰশিক্ষণ তথা প্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা পালন কৰি আহিছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *