শ্বহীদ নগৰী ঢেকিয়াজুলিত অহা ২৫ মাৰ্চত অনুষ্ঠিত হ’ব সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ অধিবেশন ৷ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগ আৰু ঢেকিয়াজুলিবাসীৰ ৰাইজৰ সহযোগত আজি গঠন হয় এখন শক্তিশালী অভ্যৰ্থনা সমিতি ৷

পলিমা বি চেতিয়া, কাজিৰঙা লাইভ, ঢেকিয়াজুলি ,৫ জানুৱাৰী : শ্বহীদ নগৰী ঢেকিয়াজুলিত অহা ২৫ জানুৱাৰীত অনুষ্ঠিত হ’ব সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ অধিবেশন ৷আজি ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ঢেকিয়াজুলি ৰাইজৰ সহযোগত দিনৰ প্ৰায় ১২ বজাৰ পৰা ঢেকিয়াজুলিস্থিত ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত আগন্তুক সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুদৰ্শ অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠনৰ বাবে এখনি মুকলি সভাৰ আয়োজন কৰা হয় ৷ এই সভাত সভাপতিত্ব কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে ৷ সভাৰ আতঁ ধৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাসে আৰু সহযোগ কৰে ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাগ্যজ্যোতি নাথ আৰু ভাৰপ্ৰাপ্ত সম্পাদক বিকাশ কলিতাই ৷

সভাত বক্তব্য ৰাখে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি নিতুল বৰা,কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নয়ন গগৈ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক অৰূপ তালুকদাৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি শুকদেৱ অধিকাৰীয়ে । শুকদেৱ অধিকাৰীয়ে ছাত্ৰ সন্থাৰ কৰ্তব্য আৰু দায়িত্বৰ সন্দৰ্ভত অনাগত দিনবোৰত আৰু অধিক হাৰত বৃদ্ধাশ্ৰমৰ জন্ম নিদিবলৈ সদৌ অসম ছাত্ৰ সন্থাই দায়িত্ব লওঁক বুলি নিজৰ বক্তব্যত উল্লেখ কৰে ৷ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে আগন্তুক জিলাৰ অধিবেশনখনি সু-শৃংখলিত আৰু সূচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ঢেকিয়াজুলিবাসী ৰাইজৰ আন্তৰিক সহায়-সহযোগিতা আৰু দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰে ৷

আজি সকলোৰে উপস্থিতিত ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে পাঠ কৰি দিয়া আগন্তুক অধিবেশনখনিৰ আজি গঠন কৰি দিয়া মুল অভ্যৰ্থনা সমিতিখন ক্ৰমে পৃষ্ঠপোষক ৰাণা প্ৰতাপ বৰুৱা ,উপদেষ্টা নিতুল বৰা,নয়নজ্যোতি গগৈ, সভাপতি ড° শুকদেৱ অধিকাৰী,কাৰ্যকৰী সভাপতি কাজল বৰা,উপ সভাপতি কুলদীপ শইকীয়া আৰু নয়ন কলিতা,সম্পাদক শংকৰ দাস,সাংস্কৃতিক সম্পাদক গণেশ ডেকা , ব্যৱস্থাপনা আৰু অভ্যৰ্থনা সভাপতি ৰোহিনী কেওট, সাংস্কৃতিক শোভাযাত্ৰা সম্পাদক নন্দলাল দাস,স্মৃতিগ্ৰন্থৰ সভাপতি গৌতম ৰাজবংশী,সম্পাদক পলিমা বি চেতিয়া,প্ৰচাৰ বিভাপৰ সম্পাদক সম্পাদক কল্পজ্যোতি নাথ আৰু ঢেকিয়াজুলিৰ সন্মানীয় সংবাদকৰ্মী সকল , মঞ্চ, পতাকা উত্তোলন আৰু শ্বহীদবেদী বিভাগৰ সভাপতি মিণ্টু শৰ্মা আৰু সম্পাদক ৰঞ্জন শইকীয়া ৷ আজি গঠন কৰা মূল ষোল্ল (১৬)জনীয়া সমিতিখন পাছৰ পৰ্যায়ত বৰ্ধিত কৰা হ’ব বুলি মুল সমিতিখন পাঠ কৰি শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে লগতে উল্লেখ কৰে ৷ আগন্তুক অধিবেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ বৃহত্তৰ ঢেকিয়াজুলিবাসী ৰাইজৰ সহায় -সহযোগিতা কামনা কৰিছে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সমূহ বিষয়-ববীয়াই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *